সপোন দেশৰ প্ৰেম কাহিনী (০৩ নং খণ্ড) Love Story in Assamese #Assamese story #Assamese poem #Assamese #Assam #Part 03

 সপোন দেশৰ প্ৰেম কাহিনী (০৩ নং খণ্ড)

  ৰাজদীপ আৰু নন্দিনী 

আবেলি লগ পালো পুজাই পুজাই ফুৰি আছো দুকানবোৰত নতুন নতুন বস্তু দেখা পাই ইটো সিটোকে লৈ লৈ টা বাজিল ঘৰলৈ যাম বুলি কওতে বৰষুণজাকে পালে এই সময়ছোৱাত হাততে হাত ধৰি এখোজ দুখোজকৈ আগ বাঢ়ি ঘৰ পালো, তাইৰ ঘৰত অলপ সময় ৰৈ বৰষুন কমাত মইও ঘৰলৈ আহিলো

পুজা পুজা কৰি দুদিনমান গল দিনৰ পাছত দিন সময়ৰ লগে লগে এই বন্ধুত্ব যেন প্ৰেমৰ গভিৰতা

কাইলৈ তাইৰ জম্মদিন কি কৰো কি লও তাইৰ বাবে ভাৱি ভাৱি টোপনি গলো, পুৱা উঠিয়েই সেই পাৰ্কত গৈ বহি আছো তাইক ফোন কৰিলো



: ইমান সময় তুমি আহা নাই

: ওম আহি আছো ৰবা

: সোনকালে আহা

তাই আহিল ৰঙা কাপোৰযোৰত যেন এজনী অপ্সৰা,  তাইক ফুল এপাহ দি জম্ম দিনৰ মৰম দিলো,  আৰু কি আনিছা মোৰলৈ

: উহু আৰু একো নাই

: তুমি মিছা কৈছা, আৰু কিবা আনিছা

: সঁচা ৰাতিটো ভাৱি থাকোতে  কেতিয়া টোপনি গলো গমে নাপালোঁ

: হি হি হি কি যে হব তোমাৰ

: এটা উপহাৰ আনিছো

: মই জানো নহয় কি ?

 এখিলা কাগজ দিলো তাইক তাত লিখা আছিল

      "তোমাৰ লগত মই সদায় থাকিম"

: Yes thats my best gift.

    তাইক কলো বলা মন্দিৰলৈ যাম আমি লাহে লাহে মন্দিৰলৈ গলো, মন্দিৰৰ পৰা তাইৰ ঘৰলৈ গলো মাকে ভাত বনাই থৈছিল আমি তিনিও একেলগে খালো

 

   আজিটো শনিবাৰ কামটো একো নাই তথাপিও নন্দিনীৰ খবৰ নাই পুৱা পৰা আবেলি হল ফোন কৰিছো ৰিচিভ নকৰে, তাই ফোন কৰিলে মই কলো কি হল দিনটো একো খবৰ নাই ভালে আছাটো উম আছো তৰাৰ গা বেয়া মেডিকেল যাম কৈছিল সেইবাবে তাইৰ লগত মেডিকেল গলো, ইমান গৰম এতিয়া আহি পালো, ( তাইৰ বান্ধৱী তৰা )

: আজি যাওতে কি হল জানা

: কি হল

: কৈ আছো

যেতিয়া ঘৰৰ পৰা ওলালো অটো এখন পালো সুধিলো কত যাবা কৈছে মেডিকেল  যাব সিহতে , ড্ৰাইভাৰ আৰু এজন আছিল। উঠিলো ঘপকৈ, তাৰ পিছত তিনিআলি এটা পালো  কলো নমাই দিয়া ইয়াতে কলে নালাগে নামিব আপোনালোকে যি ঠাইলৈ যায় তালৈকে লৈ যাম ভালে পালো ইফালে বৰষুন দি আছে। তিনিআলি পৰা অলপ দূৰ হয়

  শুনিবা নে অলপ দীঘল হব কিন্ত কাহিনীটো

: কৈ থাকা

: টোপনি নাহে টো তোমাৰ

: কোৱা

: হি হি হি কৈ  আছো

: উম

: উম কৈছো

 তাৰ পিছত কি কৰিলে জানানে কিছুদূৰ যোৱাৰ পিছত মেইন ৰাস্তাত নমাই দিলে। সিহতক কলো তিনিআলিত কিয় নমাই নিদিলা ইয়াত যে দিলা নহয় বাইদেউ আমি যাব নোৱাৰো আপোনালোকে ইয়াতে গাড়ী পাব ,উঠি গল খং দুয়োজনীৰে চালাহত ইমান ফাল্টু তহত আমাক মেডিকেল তিনিআলিত থৈ আহ এতিয়াই। কলে বাইদেউ আহক আহক থৈ আহিম আমি বলো নাযাও যা তহতৰ গাড়ীত গুচি গল সিহতে ভাড়াও লৈ গল তাৰ পিছত ভাবিলো দিব নালাগিছিল বাপ্পেকে কিয় দিলো। তাৰপিছত পালো নহয় এখন অটো, পিছফালে দুটা চিট আছিল বৰষুন পৰে কাৰনে নবহিলো লৰা আছিল দুটা তাত মাজত বহিব গৈ দেখো তাত আছে উপাই নাই এতিয়া বহিব লাগিব। তৰাই পিছত মই মাজত তাৰপিছত

 লৰাজনে হাত খন গাত লগাই লগাই দিয়েচোন  মইবোলো ইয়াৰ মতিগতি ঠিক নহয় অলপ ভালদৰে বহা কিয় নো তেনেকৈ আছা ঠিকে থাকিল অলপ সময় তাৰপিছত আকৌ তেনেকুৱা,  হে হৰি মৰিলো এতিয়া কি কৰা যায়। আৰু কিছুদূৰ যোৱাৰ পিছত পিছৰ লৰা দুজন নামিলে মই উঠি গৈ পিছৰ চিটটোতে বহিলো  কেনেকুৱা মানুহ এইবোৰ কাকনো দেখিছিলো যোৱাৰ সময়ত

তাক কানতলীয়া চৰ দিব মন গৈছিল তৰাই কলে নালাগে একো কব

: দিব লাগিছিল দুজনী আছা কিহৰ ভয়

: কেতিয়াবা বৰ দিগদাৰ হয় জানানে

: মই থকা হলে তাৰ হাত ভাঙি দিছিলো

: একো নকলো কলে কব নিজৰ গাড়ীত আহিব লাগে আৰু কিবা কিবা বকিব

: মনে মনে থাকিলেটো হিহতে চল পাই

: নহয় গাড়ীত ঠেলাহেচা হলে গাত লগাতো স্বাভাবিক কিন্ত সি নিজে নাজানে নেকি এইবোৰ পাগল হয়

: সেইটো জানো.. কিন্তু কিছুমানে জানি বুজি কৰে

: উম

: নিজে এইবোৰ চাবা অলপ

: উম

:  ঠিক আছে এতিয়া সোনকালে খাই বৈ শুই থাকা, কাইলৈ পাৰ্কত আহিবা

 

পুৱা উঠি গা পা ধুই খাবলৈ কিবা এটা বনাই আছো তেনেতে ওচৰৰ লৰা এজন আহিল কলে দাদা গাড়ীখন অলপ দিব নেকি আলহি আহিছে আনিব যাব লাগে মানে ইমান পুৱাতে কোনো নাই কাক কওঁ সেইবাবে আপোনাক কৈছো, ঠিক আছে বাৰু লৈ যোৱা কিন্ত সেনকালে আহিবা মই এঠাইত যাব লগা আছে

মই খাই বৈ পাৰ্কত যাবলৈ ওলাইছো কিন্ত লৰা জনে গাড়ীখন লৈ আহি পোৱা নাই, নন্দিনীয়ে ফোন কৰিলে কৈছে মই আহি আছো পাৰ্কত তুমিও আহা

নাই একো খবৰ নাই লৰাজনৰ এতিয়াও আহি পোৱা নাই, মই লৰাজনৰ ঘৰত গলো বাপেক আছিল কলো  লৰাজন আহি পোৱা নাই নেকি মই এঠাইত যাব লগা আছে পলম হৈছে মোৰ, বাপেকে কলে আলহি আহিছে কেতিয়াবাই আহি পালে তোমাক গাড়ীখন দিব গৈছিলটো কি কয় মোৰ ওচৰলৈ আহা নাই, মোৰ বহুত খং উঠিল, আধা ঘন্টা পাছত আহিল গাড়ী খনৰ আগফালে চেপেতা হৈ আছে বাপেকে সুধিলে কি হল, চাৰিআলিত  Accident হল মোৰ শুনি আৰু বেছি খং উঠিল তাক দুই চৰ মাৰিলো বাপেকে কলে ভাইটি তুমি ঠিক কৰি লবা কিমান খৰচ হয় মোক কবা মই দি দিম

নন্দিনীয়ে আকৌ ফোন কৰিছে মই পাৰ্কত আহি পালো তুমি কত পালা, মই গাড়ীখন ঘৰত থৈ অটো এখনত গলো তাই ৰৈ আছে বহুত পলম হল

পাৰ্কত গৈ তাইৰ ওচৰত বহিলো তাই কলে

: কি হল ইমান পলম হল

: নকবা আৰু মোৰ বহুত খং উঠি আছে

: কি হল ?

তাইক সকলোবোৰ  কথা কলো, তাই মোৰ হাত খন ধৰি

: একো নহয় দিয়া ঠিক হৈ যাব খং নকৰিবা

: খং নহয় বেয়া লাগে মনটো

: এয়াই জীৱন কত কেতিয়া কি হৈ যায় কোনে জানে

মন বেয়া নকৰিবা বলা ভোক লাগিছে মোৰ, কিবা খাম মই

: কি তুমি একো খায় অহা নাই তুমিও আৰু, বলা খাবা

তাইক লৈ হোটেল এখনত গলো কিবা খাই আহি থাকোতে তাই কলে মাই তোমাক ভাত খাব মাতিছে আজি যাবা নে 

: হব বাৰু ৰাতি যাম হব নে

: না এতিয়াই যাব লাগিব মোৰ লগত

তাই কথা কৈ কৈ মোক লৈ গল ঘৰলৈ, মাকে টিভি চাই আছিল আহিলা তোমালোক বহা, মাজনী হাত ভৰি ধুই চাহ বনাবা যোৱা, আমি খাই আহিলো নাখাও এতিয়া

: নন্দিনী যোৱা আকৌ মাই চাহ বনাব কৈছে নহয়

: তুমি মানে আকৌ খাবা

:   মা লগত আকৌ খাম

দিনটো পাৰ হল হাহি ধেমালিৰে জীৱনৰ গতি ।।

 

আৰু এটা নতুন দিন জানুৱাৰীৰ প্ৰথমটো দিন, নতুন বছৰৰ আপোন বুলিবলৈ তুমি সপোনৰ মাজত

ডাক ঘৰৰ পৰা মানুহ এজন আহিল

:Mr. Rajdeep আপুনি নেকি

:হয় মই, কওকচোন

:আপোনাৰ নামত এখন চিঠি আহিছে কলিকতা পৰা

মই চিঠিখন পঢ়ি নন্দিনী লৈ ফোন কৰিলো

: Hello Miss Nandeeni

: উম কোৱা

: কোৱা নহয় তুমি মোৰ ঘৰলৈ আহা এতিয়া

: কিয় কিবা হৈছে নেকি ?

: হৈছে, সোনকালে আহা

 

অলপ সময় পাছত তাই আৰু এজন লৰা আহিল

 

: ৰাজ কি হল তুমি ঠিকেই আছা

: উম আছো

: তোমাৰ কি হৈছে ?

:  মোৰ কি হোৱা দেখিলা, আৰু এইজন কোন চিনি পোৱা নাই

: এইজন ওচৰৰ মেডিকেলত কাম কৰে তোমাৰ কিবা হৈছে বুলি লগত লৈ আনিলো

: মোৰ একো হোৱা নাই মই ভালে আছো

: তেতিয়াহলে কিবা হৈছে বুলি কিয় কৈছিলা

: ৰবা কৈ আছো,

তোমাৰ নাম কি ? মই তৰুন, ok মোৰ একো হোৱা নাই তুমি যাব পাৰা and Thank you....

 

: এতিয়া কবা নে কি হৈছে ?

: এইখন চোৱা

: এইখনটো চিঠি, কাৰ হয়

: মোৰ নামত আছে চোৱা আকৌ

তাই পঢ়ি চকু পানী ওলাই কৈছে

: তুমি কলিকতাত গুচি যাবা

: যাবটো লাগিব নগলে কেনেকৈ হব কান্দিছা কিয়

: তুমি চাকৰি পালা বহুত ভাল লাগিছে কিন্তু ইমান দূৰত গুচি যাবা কেনেকৈ থাকিম মই,


সপোন দেশৰ.... (০৪ নং খণ্ডলৈ)


Hello Assam (Powered by Gangway)

Hello Assam is a Professional Educational Platform. Here we will provide you only interesting content, which you will like very much. We're dedicated to providing you the best of Educational, with a focus on dependability and Online earning. We're working to turn our passion for Educational into a booming online website. We hope you enjoy our Educational as much as we enjoy offering them to you. I will keep posting more important posts on my Website for all of you. Please give your support and love.

Thank You, Please visit again https://helloassam2023.blogspot.com/

Post a Comment (0)
Previous Post Next Post