সপোন দেশৰ প্ৰেম কাহিনী (০১ নং খণ্ড) Love Story in Assamese #Assamese story #Assamese poem #Assamese #Assam #Part 01

 সপোন দেশৰ প্ৰেম কাহিনী (০১ নং খণ্ড)

  ৰাজদীপ আৰু নন্দিনী                       

ৰাতুল চন্দ্ৰ বৰ্মন (নলবাৰী)🖋




সকলো
থাকিও যেন কাষত কোনো নাই ভাগৰ লাগে প্ৰতিদিনেই মোৰ সেমেকা চকুলো বুজাতোও কোনো নাই, মন যায় উৰা মাৰো  সেই সপোন দেশলৈ মাজ নিশাৰ আমনি লগা সময়ৰ মাজত ৰিম জিম বৰষুণে আমনি কৰে,  জোনৰ পোহৰত জিলিকি থকা  এই সপোন দেশত ৰৈ আছো

সেই সপোন দেশত  সপোন সপোন লগা মন ভৰা নানা ধৰনৰ ছবি

সপোনৰ বাহিৰত বহু কথা বহু যন্ত্ৰণা এয়া জীৱন

আগুৱাই আগুৱাই কিমান দূৰলৈ যাম নাজানো

কল্পনা কৰা জীৱনটো পাৰ হব এদিন

এটা ৰাতিপুৱা মনৰ ব্যস্ততাৰ মাজত  পাৰ্ক এখনলৈ গলো  মনটো ভাল লগা নাছিল মনে মনে বহি বহু সময় পাৰ কৰিলো, এটা সময়ত বাৰিষাৰ সেই বৰষুণযাক আহিল দেহ মন চেঁচা পৰিব ধৰিলে

তেনেতে মই বহি থকা ঠাইত এজনী ছোৱালী আহিল বৰষুণৰ টোপালবোৰৰ সৈতে বহু সময় ৰৈ ৰৈ তাই গুচি গল বৰষুনযাক কমা দেখি

আবেলিৰ সেই বৰষুণযাকৰ পাছে পাছে মইও ঘৰলৈ আহিলো

ৰাতিটো খাই বৈ শুই থাকিলো  অকলশৰীয়া মোৰ জীৱন কি কৰো কি নকৰো নাজানো

ৰাতিপুৱা বেলিৰ পোহৰত পৃথিৱীখন আগৰ দৰে পোহৰ হল

আগৰ দৰে মই ভালপোৱা পাৰ্ক খনলৈ গৈ বহি থাকো মই পাৰ্কত বহি থাকোঁতে অচিন চিনাকি ৰূপত সেই ছোৱালীজনী মোৰ কাষলৈ আকৌ আহিল তাই মোক দেখা পাই সুধিলে তুমি ইয়ালৈ সদায় আহা নেকি ! উম আহো মই বৰ ভাল পাওঁ ইয়াত আহি, ভাগৰ লগা সময়বোৰ পাৰ কৰিবলৈ, তুমি ?

: মইও নতুন নতুন ঠাইলৈ আহি বৰ ভাল পাও, যোৱা কালি  আহিছিলো তোমাক দেখা পাইছিলো

: .....তোমাৰ নাম কি ?

: মোৰ নাম নন্দিনী কলিতা আৰু তোমাৰ ?

: মই ৰাজদীপ... ৰাজদীপ কলিতা

: Thank you.....শুনাচোন যোৱা কালি

 তোমাক দুখত থকা যেন লাগিছিল কিয় ?

: উম নাজানো বৰ ভাগৰ লাগিছিল বাস্তৱ জীৱনৰ সঁচা মিছা বোৰৰ পৰা

: তোমাৰ কথাবোৰ চোন কবিতা কবিতা লগা তুমি কবি নেকি ?

: উহু নাজানো মই কোন

: তুমি কবি

মই  মিচিকিয়াই কলো তোমাক লগ পায় তোমাৰ কন্ঠ শুনি মোৰ ভাগৰ কমিছে

তাই হাঁহি মাৰি কলে  হব বাৰু মই সদায় আহিম

 

তাই আজৰি সময়ত সদায় মোক লগ কৰিবলৈ আহে

তাই ধুনিয়া ধুনিয়া ফুলৰ মাজত খেলি থাকে

পখিলা সৈতে  নাচনী দৰে জপিয়াই থাকে

তোমাৰ ভাগৰ নালাগে নে ?

উহু নালাগে ফুলৰ মাজতভাগৰ নালাগে মোৰ

: তুমি চোন ইমান ধুনিয়া ফুল

ফুল ! মই ফুলৰ মাজত থাকো ফুল নহয়

হয়, তুমি মোৰ ফুল

হি হি হি

এই কম সময়ত তাই হাঁহি হাঁহি মোৰ বুকুৰ বেদনা বোৰ, মোৰ অতিত বোৰ পাহৰাই দিয়ে বুকুৰ মাজত লুকাই থকা মৰমবোৰ উলিয়াই দিয়ে

নিশাৰ সেই সপোনৰ মাজত সময়বোৰ পাৰ হল,

ৰাতিপুৱালৈ মাথো অপেক্ষা  সূৰ্য্যৰ পোহৰত উজলি উঠিল মোৰ পৃথিৱীখন তাই মোৰ মবাইল নম্বৰটো ললে আহিব নোৱাৰিলে ফোন কৰে কি যে  বতৰা

এনেকৈ কিছু দিন পাৰ হল

 

পুৱাৰ হাঁহিৰ এটা বতৰাৰ লগে লগে দিনটো বাগৰে তাই আজৰি হৈ মোৰ বাবে ধপলিয়াই আহে

মই হাঁহি থকা দেখি তাই মোৰ কাষত বহি মোক কয় তুমি সদায় হাঁহি থাকিবা, মই এপাহি  গোলাপ ফুল তাইৰ হাতত দিও আৰু তাই লগত কথা পাতো

তুমি কি খাই আহিলা

: মই ভাত, আৰু তুমি ?

: মই ব্ৰেকফাষ্ট বলা মোৰ ঘৰলৈ চাই আহিবা

: ঘৰলৈ, কোন কোন আছে ঘৰত

: বলা দেখিবা নহয় কোন কোন আছে

: আজি নাযাও দিয়া বেলেগ দিনা যাম বাৰু

 

বহুত কথা মনৰ কথা হাঁহি কান্দোনৰ কথা তাই যাবলৈ ওলাইছে

 

: কত যোৱা ?

: মই এতিয়া যাব লাগিব মা ঘৰত অকলে

 আছে নহয় তুমি কেতিয়া যাবা ?

মোৰ টো ইয়াতে থাকি ভাল লাগে এই পাৰ্কত এই জগতত

 

আবেলিৰ কিন কিনিয়া বৰষুণত কবিতা কবিতা লগা শব্দবোৰ বিছাৰি ফুৰোঁ, শব্দবোৰ যেন কপি আছে হয়টো বাস্তৱ জীৱনে মোক এৰা দিয়া নাই

সপোন সপোন লগা কথা পৰা বাস্তৱ জীৱনত প্ৰভাৱ পৰিল, প্ৰেমৰ বৰষুনজাক দুগালত বৈ আহিল

ভাল লগা হল  লাহে লাহে দিনবোৰ সময়বোৰ

দুদিনমান তাইৰ একো খবৰ নাই কিয় বাৰু আহা নাই পাৰ্কলৈ, মই ঘৰত কিবা কিবি কৰি আছিলো তেনেতে তাই ফোন কৰিলে

তাই লগ কৰিবলৈ মোক পাৰ্কলৈ মাতিছিল মই গাড়ীখন লৈ ওলায় গলো তাইক ওচৰৰ  পৰা দেখা পাবলৈ তাইৰ চকুৰ ভাষা বুজিবলৈ

 Parking গাড়ীখন থৈ Park খনত তাইক বিছাৰি আছো তাইক দেখিয়েই দৌৰ মাৰি ওচৰ পালো

দৌৰ মাৰি আহিব লাগে নে এয়া লোৱা ৰঙা ফুল

: ধুনীয়া তোমাৰ দৰে

: তোমালৈ কবিতা এটা লিখি আনিছো

: মোৰলৈ, দিয়া

গছৰ পাতবোৰ দৰে তুমি সেউজীয়া

সেউজীয়া তোমাৰ মেখেলা চাদৰ

সেউজ তোমাৰ  চকুযুৰি

হেপাহৰ মৰম লগা গুলপীয়া গাল

গুলপীয়া তোমাৰ  লিপিষ্টিক

তোমাৰ মিচিকিয়া হাঁহিৰ

মোৰ চিনাকী মন

আমনি কৰে

মাজ নিশাৰ জোনাকী মন

মৰম ভালপোৱা তুমি মোৰ আপোন

মন যায় ওঠত ওঠ গুজি দিবলৈ

মন যায় বুকুৰ মাজত সাৱটি লবলৈ

মন যায় উশাহত হেৰাই যাবলৈ

এই গভীৰ নিশা

মিঠা মিঠা চুমা পৰশ

সপোন সপোন লগা এই সময়

জোন তৰা জোনাকী পোহৰ

এই আমাৰ সৰু পৃথিৱীখন

তুমি বাৰু টোপনিত  সপোনৰ মাজত,

বিছাৰি ফুৰে মোৰ মনটোৱে

নাজানো নুবুজো

কিয় বাৰু আমনি কৰে ৰৈ থকা সময়ৰ ভাজত তোমাৰ চকুৰ চাৱনি মোৰ লাজৰ চকুযুৰি

মৰম ভালপোৱা মাজত

সাৱটি ধৰো

নেদেখা পৃথিৱীলৈ গৈ

চুমা পৰশত মৰম মৰম খেলো

আইঐ দেহি তোমাৰ মিঠা হাঁহি

 মই ৰব নোৱাৰো

ওঠত লাগি থকা লিপিষ্টিক

লাজ লাজ কৈ চুপি খাওঁ

কামুৰি দিম বুলি মৰমতে

নিদিওঁ কামুৰি

উখল মাখল চুলিৰ কুচা

টানি দিও ধেমালিতে

দুপ পাও বুলি কৈ মৰম লোৱা

ৰুমান্তিক ৰুমান্তিক সময়বোৰ

হাঁহি হাঁহি আগলৈ আগ বাঢ়ে

চকুত টোপনি আহিল বুলি মৰম

চকু মুদি মিচিকিয়াই হাঁহিৰে

কালিলৈ অপেক্ষা ।।।।।

পুৱা বেলি সৈতে চকু মেলি

তোমালৈ চকু যায়

সুপ্ৰভাত বাৰ্তাই মিচিকিয়াই


সপোন দেশৰ.... (০২ নং খণ্ডলৈ)


Hello Assam (Powered by Gangway)

Hello Assam is a Professional Educational Platform. Here we will provide you only interesting content, which you will like very much. We're dedicated to providing you the best of Educational, with a focus on dependability and Online earning. We're working to turn our passion for Educational into a booming online website. We hope you enjoy our Educational as much as we enjoy offering them to you. I will keep posting more important posts on my Website for all of you. Please give your support and love.

Thank You, Please visit again https://helloassam2023.blogspot.com/

Post a Comment (0)
Previous Post Next Post