সপোন দেশৰ প্ৰেম কাহিনী (০২ নং খণ্ড)
ৰাজদীপ আৰু নন্দিনী
পুৱাৰ মিঠা মিঠা চাহ কাপ খাই
দিনটো জিপাল কৰো
সেউজীয়া সেউজীয়া সপোনৰ সৈতে ।।
: তুমি লাজুকি লৰা ইমান ৰোমান্টিক মোক বলিয়া কৰিলা
: মই চোন বলিয়া সপোন যেন বাস্তৱত তোমাক কৰিছো
: হি হি হি I ধুনীয়া কবিতা লিখা ।
: I love you
: What ? Are you serious ?
: Yes Miss Nandeeni Kalita I am very serious..
তাই মোৰ চকুত চকু থৈ মোক সাৱতি লৈ তাই কান্দি দিছিল ।
: কিয় কান্দিছা ?
: তোমাৰ মৰমে মোক কন্দুৱাই দিলে ।।
তাই সকলো সময়তে মোক লগ কৰিবলৈ আহিব নোৱাৰে ঘৰৰ ব্যস্ততাৰ মাজত লাগি থাকে ।
এদিন দুদিন কৈ সময় বাগৰি থাকিল মৰম ভালপোৱা সময়ৰ সোঁতত বৈ থাকিল ।
এদিনাখন মই Park ত বহি তাইৰ বাবে অপেক্ষা কৰি আছিলো তাই নাই একো খবৰ নাই ৰাতিপুৱা পৰা আবেলি হল, ফোন কৰিছো But Mobile Switch off মই ৰৈ থাকোতে সাতটা বাজিল । ঘৰলৈ আহি কি কৰো কি নকৰো কৰি কিবা এটা খাই বিচনাত পৰি আছো ৰাতিটো ভালকৈ টোপনিও নাহিল ।
পুৱা দহটা মান বজাত তাইৰ ফোন আহিল
: Hello Raj. ...
: What Raj.... Where are you miss Nandini ?
মনে মনে আছা যে নোকোৱা কিয় ।
: ঘৰতে আছো জৰ হৈছে বিছনা পৰা উঠিব পৰা নাই ।
: What... মোক কিয় ফোন কৰা নাই ।
: মবাইলটো switch off হৈ আছিল বেটাৰি নাছিল ।
তাইৰ কথা শুনি মই দেৰি নকৰি ঘৰলৈ গলো তাইৰ মাক আছিল, মাকক সুধিলোঁ
: নন্দিনী আছে নে খুৰি তাইৰ বোলে জৰ ।
: অ মাজনীৰ জৰ তাই শুই আছে (মাকে তাইক মাজনী বুলি মাতে) কিন্তু তুমি কোন চিনি পোৱা নাই তোমাক ।
মই ইয়াতে থাকো Nandini ৰ friend..
মাকে তাইৰ কোঠালৈ লৈ গল মাকে তাইক মাত লগালে অ মাজনী চকু মেলা চোন কোন আহিছে চোৱা তুমি সদায় কৈ থকা যে ৰাজদীপৰ কথা ৰাজদীপ আহিছে ।
মই আচৰিত হলো মাকে মোৰ কথা জানে তাৰপাছতটো চিনি পোৱা নাই কৈছিল ।
তাই চকু মেলি মেক দেখা পাই চকুলো বৈ আহিল মাকে যেন সকলো জানিও নজনা দৰে আমাক কথা পাতিবলৈ দি চাহ বনাবলৈ গল ।
: কিয় কান্দিছা তুমি ?
: তোমাক লগ কৰিবলৈ যাব পৰা নাই ।
: হব চকু পানি মুচা, জৰ কেনেকৈ হব পালে ।
: নাজানো ।
: মাক মোৰ কথা কি কৈছা ?
: সকলো কথা কৈছো ।
মাকে চাহ লৈ আহিল আমি তিনিও একেলগে খালো
মাকে বহুত সুখী মই অহাৰ বাবে কাৰন নন্দিনীয়ে মোক দেখা পাই হাঁহি হাঁহি কথা পাতিছিল, আমি বহুত সময় পাৰ কৰিলোঁ ।
: খুৰি মই এতিয়া যাও ।
: হব বাৰু আহি থাকিবা ।
: নন্দিনী থাকা মই আহো ।
এই জীৱন কত শেষ নাজানো জানো মাথো মৰমৰ মাজত এদিন ৰৈ যাব ।
ৰাতিটো পাৰ হল পুৱা হল সূৰ্য্যৰ পোহৰত পৃথিৱীখনো উজ্জ্বল হল, আজি সোমবাৰ ঈশ্বৰৰ ঘৰলৈ যাবলৈ
ওলালো, ঈশ্বৰক প্ৰাৰ্থনা কৰি দিনটো আৰম্ভণি ।
ঘৰত আহি নন্দিনীলৈ কিবা এটা বনাই আৰু ঈশ্বৰৰ পৰা ফুল এপাহ লৈ তাইৰ ঘৰলৈ গলো তাইক ফুলপা দি কলো উঠিব পৰা হৈছা নে
: উম পাৰিছো, কিয় কৰবালৈ লৈ যাবা নেকি ?
: কত যাবা কোৱা
: তুমি ভাল পোৱা দেশলৈ ।
মই ভালপোৱা কাপোৰ যোৰ পিন্ধি মোৰ কাষলৈ আহিল, কেনেকুৱা লাগিছে কোৱা
ধুনিয়া মৰম লগা এতিয়া বলা
তাই ভালপোৱা ফুলৰ বাগিচাৰ এখনত লৈ গলো নানা ৰঙৰ ফুলৰ মাজত তাই নাচি বাগি প্ৰেমৰ আবেলিটো জিপাল কৰি তোলে আৰু যেন পখিলা হৈতে উৰি যাব খোজে ।
তাইক দেখিলেই হাঁহি উঠি যায় সময়বোৰ কেনেকৈ যায় গমকে নাপাওঁ ।
কেতিয়াবা মই ৰৈ যাওঁ জীৱনটোক লৈ পুৱা পৰা আবেলি হল মই ৰুমতে দিনটো ।
চকুত চকুলো লৈ বাস্তৱৰ লগত যুদ্ধ কৰি থাকোতে
তাই মোৰ ঘৰলৈ আহে তাই সকলো দেখা পাই মোৰ চকুলোও । মোক এনেকৈ দেখা পাই খংত মোক গালি পাৰে ।
: মই তোমাৰ বাবে ৰৈ আছিলো আৰু তুমি এনেকৈ ৰুমৰ ভিতৰত, কি হৈছে তোমাৰ ?
: একো হোৱা নাই মোৰ ।
: তুমি একো নকলেও মই সকলো কথা জানো, কিয় সেই কলা ডাৱৰৰ কথা কিয় সেই বিষাক্ত ধুমুহাৰ কথা ভাবি থাকা, মইটো তোমাৰ কোনো নহয় কিয় যে ৰৈ আছিলো ।
: নন্দিনী ।
: নামাতিবা মোক
: নন্দিনী ।
: এটা কথা মনত ৰাখিবা আজিৰ পৰা যদি তোমাৰ চকুত চকুলো দেখা পাও মই তোমাক এৰি গুচি যাম, কাৰন মই তুমি দুখত থকাটো মই কেতিয়াও নিবিচাৰো মই তোমাৰ মুখত সদায় হাঁহি বিচাৰো ।
তাইক সাৱটি লৈ ৰৈ গলো । ওম নন্দিনী চকুলো নোপোৱা, নাযাবা আতৰি মোৰ মনৰ ভাষা তুমিয়ে ।
তাই মোক বহুত বুজাই মেলি ঘৰলৈ গল ৰাতিপুৱাই শুই উঠিয়ে মোক ফোন কৰে
: ভালে আছা
: ওম আছো
: তোমাক খং কৰি মোৰো মনটো ভাল লগা নাই, তোমাৰ কান্দোন দেখিয়ে মোৰ খং উঠিছিল ।
: এটা হাঁহি মাৰি ওম জানো মই, মোক মৰম কৰা বাবেই খং কৰিছিলা ।
: তাইও মিচিকিয়াই কলে ভাল পাও তোমাক ।
: ঐ কবিতা শুনা
নীলা খামৰ চিঠি তোমালৈ
কোমল কোমল মন তুমিটো জানা
কোমলীয়া মন ।
হৰ্ঠাৎতে ৰৈ যাও
নকৰিবা অভিমান
তোমাৰ ৰাগ
মোৰ মন কৰে কোমল
বুজিও অবুজন মোৰ মন।
পথে পথে বহু উজুটি খাও
হাততে হাত ধৰি
ৰাখিবা কাষতে ।
অভিনয় কৰিব নাজানো বাবেই
সুখী হৈ হাহোঁ
দুখত মোহাৰি দিও চকুলো
নাজানো সত্যতাত কিমান জয়
অপেক্ষা কৰো ধৈৰ্য্য লয় ।
দূৰ্বল পৰো যেতিয়াই
চিয়াহীৰে জীৱনৰ ছবি আকো
নীলা খামৰ চিঠি তোমালৈ
কোমল কোমল ।।।
তাইৰ মনটো ভাল হল পুৱাৰ মৰম আৰু ভালপোৱা চুম্বন সৈতে দিনটো আৰম্ভ হল ।
পুৱা পৰা আবেলিলৈ লগ কৰি কথা পাতি হেঁপাহ নপলাই আৰু জোনাকৰ নিশাটো আছে ।
শাৰদীয় বতৰ আজি পৰা দূৰ্গা পুজা, পুৱাই তাই মোৰ ওচৰলৈ আহিল হাতত সৰু বেগ এটা লৈ ।
: নন্দিনী তুমি ইমান পুৱাই আহিলা আৰু হাতত কি
: কিয় আহিব নোৱাৰি নেকি আৰু হাতত হয় আৰু কিবা ।
: হব বাৰু বহা ।
: মই বহিব আহা নাই ।
তাই ঘৰটো পৰিস্কাৰ কৰিবলৈ ধৰিলে সকলোবোৰ ঠিক কৰি হাতত অনা বেগটো মোক দিয়ে,
এয়া লোৱা তোমাৰ বাবে পুজা বুলি কাপোৰ এযোৰ আনিছো ।
: মই চোন তোমাৰ বাবে একো অনা নহল ।
: নালাগে দিয়া মোক একো, তুমি আছাচোন মোৰ কাষত আৰু মোক একো নালাগে ।
: ৰবা মইও আনিছো তোমাৰ বাবে কাপোৰ এযোৰ ।
তাৰ পাছত মই চাহ বনালো তাইও খালে মইও খালো, তাই ঘৰলৈ যাবলৈ ওলাল মই তাইক কলো আবেলি ওলাই থাকিবা ফুৰিবলৈ যাম আৰু কাপোৰযোৰ পিন্ধিবা ।
সপোন দেশৰ.... (০৩ নং খণ্ডলৈ)