সপোন দেশৰ প্ৰেম কাহিনী (০৪ নং খণ্ড)
ৰাজদীপ আৰু নন্দিনী
: হব নকৰো চাকৰি, নাযাও ।
: যাবা মই বহুত সুখী তুমি চাকৰি পালা, মই সদায় মন্দিৰ যাম তোমাৰ বাবে , তুমি সুখী হবা ।
: তিনি বছৰৰ বাবে তাত থাকিব লাগিব তাৰ পাছতটো ইয়াতে হব ।
চিন্তা নকৰিবা মই তোমাৰ বাবে যাম, আমাৰ এখন মৰমৰ ঘৰ হব এদিন, সেই দিনটোলৈ মই বৰ অপেক্ষা কৰিছো । চকু পানীৰে জীৱন নহয় ।
: কেতিয়া যাবা ?
: Next week.....
: মোক সদায় ফোন কৰি থাকিবা ।
: কিয় নকৰিম নো Miss Nandeeni Kalita
কান্দিলে তোমাক বেয়া লাগে ।
জীৱনৰ এটা নতুন পথ নতুন চিন্তা ধাৰা এই সুখৰ আৰম্ভণি যেন এটা হাঁহি ।
সেই দিনৰ আগদিনা কাইলৈ মই যাম, আবেলি একেলগে কিমান সময় মনে মনে থাকিলো হাতত হাত ধৰি কব নোৱাৰো, দুচকুত যেন হেজাৰ সপোন ।
গোটেই নিশা চকুত টোপনি নাহিল মৌনতা যেন বহু কথা কৈ আছিল ।
পুৱা তাই আহিল ভালকৈ যাবা আৰু সময় মতে খোৱা বোৱা কৰিবা মই তোমাক সদায় ফোন কৰি থাকিম ।
ঠিক আছে তুমিও বেছি চিন্তা কৰি নাথাকিবা মাক চাবা ভালকৈ থাকিবা ।
মোৰ যাত্ৰা আৰম্ভ ট্ৰেইন খন চকুৰ আতৰ নোহোৱা লৈকে ৰৈ চাই থাকিল কিমান সময় নাজানো ।
মই কলিকতা পালো ১০ দিন হল তাই কিমান ফোন কৰিছিল মোৰলৈ নাজানো মোৰ মবাইলটো বন্ধ আছিল, ভবা দৰে সকলো নহয় ভবা নাছিলো ইমান দূৰলৈ আহিম বুলি । এনেকৈয়ে দিনবোৰ গৈ আছিল এটা এটা পল এটা এটা সময় ।
তাইলৈ সদায় ফোন কৰো সদায় কথা পাতো ।
এদিনাখন তাইৰ মাক বেমাৰত পৰিল একেবাৰে অৱস্থা বেয়া সীমা যেন হেৰাই গৈছে এনেকৈ তাই মেডিকেলত থাকিল । মই আহো বুলি আহিব পৰা নাছিলো । কিবা এটা কৰি দুদিনৰ বাবে আহিলো ।
তাইৰ মাক শেষ বিদায় ললে । তাৰ পাছত তাইক মন্দিৰত বিবাহ কৰি তাইক লৈ কলিকতালৈ গুছি গলো ।।
এনেকৈ জীৱনৰ পৰীক্ষাৰ মাজত আগুৱাই গলো ।।
সমাপ্ত